ধুবুৰী জিলা প্ৰশাসনে ভাৰতীয় স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ স্মৃতিত ধুবুৰী আৰক্ষী আৰু বি.এছ.এফ.ৰ সহযোগত ৭৫ খন নাওৰ এক সমদলৰ আয়োজন কৰে। জিলাখনৰ প্ৰতিটো দূৰৱৰ্তী অঞ্চললৈ দেশপ্ৰেমৰ আত্মা কঢ়িয়াই নিয়াৰ লক্ষ্যৰে কচাৰীঘাটৰ পৰা চালাকুৰা চৰলৈ সমদলটো ৰাওনা হয়।